মানকাচাৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ সৈতে সৰবৰাহকাৰীক আটক ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ নিউমাৰকেটত মানকাচৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত মানকাচৰ বেপাৰীপাৰা গাঁৱৰ আতাবুৰ ৰহমানৰ পুত্ৰ নুৰ আলমৰ পৰা ৩৩৬ টা Spshen+কেপছুল আৰু Sampex plus নামৰ টেবলেট ৮০ টাৰ লগতে নগদ ২৮০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘদিনৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি যুৱ চামক ধ্বংসৰ গৰাহলৈ নি অহাৰ অভিযোগ আছিল এই নুৰ আলমৰ বিৰুদ্ধে ৷ নুৰ আলম বৰ্তমান মানকাচৰ আৰক্ষীৰ জালত আৰু আৰক্ষীয়ে নুৰ আলমৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ।