অভিযোগ অনুসৰি নগাঁও আমিনপট্টিৰ নজমূল হুছেইনে নগাঁৱৰ ৰাঙলু সূতাৰ কিচামতৰ পট্টা নং 45,48 আৰু 123 ৰ বিশ বিঘা মাটি বিক্ৰী কৰিছিল সূতাৰ গাঁৱৰ নায়ব আলী আৰু তেওঁৰ পৰিয়াল বৰ্গক । আদালতৰ কমাটি কিনা বেচা নিয়ম অনুসৰি মাটি খিনি বিক্ৰী হ’ল যদিও তৃতীয় পক্ষই এই ক্ষেত্ৰত সৃষ্টি কৰিলে সংঘাটৰ ৷ মাটি কিনা বেচাৰ ক্ষেত্ৰত দালালৰ সহায় লোৱা বুলি অভিযোগ তুলি মাৰ ধৰ কৰিলে আজিজুল হকক। আবুল হুছেইন,নবি হুছেইন,জিয়াউল হক আৰু আইনুল হকে। আজিজুল হকে নামাজৰ পৰা ঘৰলৈ উভতাৰ সময়তে অতৰ্কিতে আক্ৰমণ কৰে লোক কেইজনে ৷

আনহাতে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰাঙলু থানা আৰক্ষীক এজাহাৰো দাখিল কৰে আজিজুল হকে ৷ ইফালে মাটি কিনা বেচা সন্দৰ্ভত কোনো অনিয়ম হোৱা নাই বুলি উল্লেখ কৰিলে উক্ত মাটিৰ পূৰ্বৰ গৰাকী নজমূল হুছেইনৰ লগতে বৰ্তমানৰ গৰাকী নায়ব আলী আৰু পৰিয়াল বৰ্গই ৷
বহু দিন ধৰি উক্ত বিশ বিঘা মাটিত নায়ব আলিৰ পৰিয়ালে কৃষি কৰ্ম কৰি থকাৰ পাছত নজমূল হুছেইনে অসুবিধা বশতঃ মাটি খিনি বিক্ৰী কৰে নায়ৱ আলীৰ পৰিয়ালক ৷ এই খিনিতেই মাটি খিনি দখল দিবলৈ চেষ্টা চলাই থকা আবুল হুছেইন নবি হুছেইন আৰু জিয়াউল হক সম্বন্ধিতে কেইবা জনেউ মাটি বেচা কিনাত সংঘাটৰ সৃষ্টি কৰি মাৰপটৰ ঘটনা সংঘটিত কৰে ৷ দুটা পক্ষৰ বুজাবুজিৰে ক্ৰয় বিক্ৰয় হোৱা গই মাটিৰ ক্ষেত্ৰত সূত্ৰপাত হোৱা এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাঙলুতে ৷