অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ ডিচেম্বৰ মাহৰ সাহিত্য আলাপ “বিৰিণা বৈভৱ” আৰু চৈয়দ আব্দুল মালিকৰ “স্মৃতিচাৰণ” সভা বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়াস্থিত ৰামধেনু একাডেমীত অনুষ্ঠিত হৈ যায় । বিৰিণা গোষ্ঠী-অসমৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিক্যৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ উপদেষ্টা তথা চেঙাস্থিত ৰামানুজন একাডেমীৰ অধ্যক্ষ ৰোহিনী কুমাৰ দাসে। চৈয়দ আব্দুল মালিকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰামানুজন একাডেমীৰ সঞ্চালক মহিবৰ ৰহমানে আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে মাজদিয়া হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকিবুৰ ৰহমানে। অনুষ্ঠানৰ আৰম্ভণিতেই গোষ্ঠীটোৰ সদস্য খঞ্জনজ্যোতি পাঠকৰ পিতৃ সদ্য প্ৰয়াত উৎসৱ পাঠকৰ বিয়োগত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে গোষ্ঠীটোৰ সদস্য আতিকুৰ ৰহমানে। বিশিষ্ট কবি-সমালোচক জিয়াউৰ ৰহমানে চৈয়দ আব্দুল মালিকৰ জীৱন-দৰ্শন, সাহিত্যকৃতি- কৰ্মৰাজিৰ বিশ্লেষণ আগবঢ়ায় । অনুষ্ঠানটোত বৰঘোপাস্থিত জ্ঞানদীপ আঞ্চলিক কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমান, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা তথা মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ জামান, বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি চৈয়দ আব্দুল মালিকৰ জীৱন-দৰ্শন সম্পৰ্কত ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও ছাহজাহান আলী, আনিউল ৰাজা, কুশল চৌধুৰী, চানবৰ আলী, সুৰজিৎ পাঠক ,আৰবিন চুলতানা, মোজাম্মিল হক, নেকিবুৰ ৰহমান, আতিকুৰ ৰহমান, জিয়াউৰ ৰহমান, জয়ন্ত ডেকা, চাহনুৰ আলী, জেহেৰুল ইছলাম, অৰিন্দম চৌধুৰীকে ধৰি কুৰিগৰাকী নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰাৰ উপৰিও কথা-গীত-সংলাপেৰে শীতৰ সন্ধিয়াটো জীপাল কৰি তোলাৰ লগতে চৈয়দ আব্দুল মালিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফতিয়াৰ জাহানে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।
