আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিনটো উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে । একেদৰে মৰিগাঁও জিলাৰ অন্তৰ্গত কপিলী আঞ্চলিক শাখাৰ উন্নতপাৰা প্ৰাথমিক শাখাইও বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো এক বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱভাগ দুদিনীয়াকৈ উদযাপন কৰে । ৰবিবাৰে পুৱা আঞ্চলিক শাখাৰ উপদেষ্টা নৰেশ্বৰ ভৰালীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উলিওৱা হয় ভাগৱত শোভাযাত্ৰা । প্ৰায় ৭ কিলোমিটাৰ যোৰা এই শোভাযাত্ৰাত শতাধিক আই-বাপ, সেৱক-সেৱিকাই অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চল হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে । গুৰু জয়ন্তী উদযাপনত সহযোগ আগবঢ়োৱা আঞ্চলিক শাখাৰ বাপ-আইৰ লগতে বহা আৰু বৰজাৰী অঞ্চলৰ ৰাইজক ধন্যবাদ জনাই উদ্যোক্তা নাৰায়ণ ভৰালীয়ে ।