মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। মাজনিশা প্ৰেয়সীৰ ভাড়াঘৰৰ কোঠাত সোমাই ভয়ংকৰ কাণ্ড কৰিলে দেৱজিৎ কুটুম নামৰ লোকজনে। প্ৰিন্স ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা অনুসৰি প্ৰিন্স ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক আছিল দেৱজিতৰ। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীয়ে দেৱজিতৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিল। সেই খঙতে দেৱজিৎ কুটুমে যুৱতীগৰাকীক ভয় দেখুৱাবলৈ চোকা অস্ত্ৰলৈ মাজনিশা সোমাইছিল এপাৰ্টমেণ্টত। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দেৱজিত কুটুমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভাড়াঘৰৰ মালিকে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৱজিৎ কুটুমক।
জানিব পৰা অনুসৰি ছয়মাইলৰ ডঞি পল ল’জৰ স্বতাধিকাৰী অভিযুক্ত দেৱজিত কুটুম।