ভাগৱত ভ্ৰমণ আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰি ডিগবৈত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ শুভাৰম্ভ ।

ডিগবৈ বৰবিল সাৰ্বজনীন নামঘৰৰ আতিথ্যত আৰু ডিগবৈৰ ১৯ ভাগ নামঘৰৰ যৌথ উদ্যোগত ৫ দিনীয়াকৈ আয়োজিত শ্ৰীমন্ত শংকৰদেৱ ৫৭৬ সংখ্যক জন্মোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয় । আজি প্ৰথমদিনা পুৱাৰ নাম প্ৰসংগ,অখণ্ড বন্তি প্ৰজ্বলন, ১৯ ভাগ নামঘৰৰ ধৰ্মধ্বজ্জা উত্তোলন, গ্ৰন্থমেলা দ্বাৰ উদঘাটন, প্ৰদৰ্শনী দ্বাৰ উদঘাটন আৰু ডিগবৈ চহৰত পদযাত্ৰা কৰি, ভাগৱত ভ্ৰমণ কৰি, হৰিনাম কীৰ্তন কৰি ৰজনজনাই তোলে। অখণ্ড বন্তি প্ৰজ্বলন কৰে সুনেশ্বৰ কলিতাই, প্ৰদৰ্শনী দ্বাৰ আৰু গ্ৰন্থমেলা উদ্বোধন কৰে ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়াই । ইপিনে ভাগৱত ভ্ৰমণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে অসম অইল সংমণ্ডলৰ মানৱ কল্যাণ বিভাগৰ মহাপ্ৰৱন্ধক কমল বসুমতাৰী আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে । সহস্ৰাধিক ভকত বৈষ্ণৱ, আই-মাতৃ আৰু যুৱক-যুৱতীয়ে অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি লক্ষীনন্দন গগৈ আৰু সাধাৰণ সম্পাদক অনিল কুমাৰ দত্তই পাঁচদিনীয়া কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰিছে ।