বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৮-৪৫ লৈ ওলমি থাকিল তলা….

বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৮-৪৫ লৈ ওলমি থাকিল তলা ।সময়মতে চকিদাৰ উপস্থিত নোহোৱাত ৮:৪৫ লৈ বিদ্যালয় খনৰ মুখ্য প্ৰৱেশ গেইট বন্ধ হৈ থাকিল আজি।মুখ্য গেইট বন্ধ থকাত ৮:৪৫ বজালৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক/ শিক্ষয়িত্ৰী গেইটৰ বাহিৰত অপেক্ষা কৰিবলৈ হ’ল চকিদাৰ অহালৈ।আনহাতে ০৯:৩০ বজাত শিক্ষক বিদ্যালয়ত অহাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।অনিয়মেই নিয়মত পৰিণত হৈছে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত।

বিভিন্ন সময়ত বটদ্ৰৱা শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিতি আৰু বিভিন্ন অভিযোগৰ বাতৰি তথ্য সহকাৰে সংবাদ মাধ্যমত ইতিপূৰ্বে প্ৰচাৰ হৈছে যদিও আজিলৈকে এনে শিক্ষক কৰ্মচাৰীক নাকী লগাবলৈ সক্ষম নহ’ল বটদ্ৰৱা শিক্ষা খণ্ডৰ বৰমৰীয়াই।ৰাজ্যৰ শিক্ষা খণ্ডৰ এনেধৰণৰ অৱস্থাৰ ভাবে দায়ী কোন ?কেতিয়া ঘোৰ নিদ্ৰাৰ পৰা সাৰ পাব বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াই।