বৰক্ষেত্ৰীৰ ৰামপুৰত ধান চোৰক আটক ৷দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এটা চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ ৰামপুৰ গাঁৱৰ এটা পৰিয়ালত ধাৰাবাহিকভাৱে সংঘটিত কৰি অহা চোৰটোক ঘৰৰ গৰাকীয়ে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ ৰামপুৰ গাঁৱৰ ভগৱান বৰ্মনৰ বাসগৃহৰ পৰা চোৰৰ দল এটিয়ে ধাৰাবাহিকভাৱে সংঘটিত কৰি আহিছিল চুৰি কাৰ্য ৷

ধান ব্যৱসায়ী ভগৱান বৰ্মনৰ বাসগৃহৰ পৰা চোৰৰ দলটিয়ে ধাৰাবাহিকভাৱে চুৰি কৰি আহিছিল ধান ৷ ভগৱান বৰ্মনৰ পৰিয়ালে আজি চি.চি কেমেৰাৰ ভিজুৱেল প্ৰত্যক্ষ কৰি আটক কৰে চোৰ এটাক ৷ ভগৱান বৰ্মনৰ পত্নীয়ে চি.চি কেমেৰাৰ ভিজুৱেল প্ৰত্যক্ষ কৰি কৌশলেৰে মাতি আনে এটা চোৰক ৷

ধৃত চোৰটোৱে চুৰিকাৰ্যৰ কথা স্বীকাৰ কৰাত ভগৱান বৰ্মনৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি চোৰটোক থানালৈ লৈ যায় ৷ ধৃত চোৰটোৱে তেওঁৰ লগত আন কেইবাটাও চোৰ জড়িত হৈ থকাৰ কথা স্বীকাৰ কৰে ৷ ধৃত চোৰটো দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ বুলবুল আলী বুলি জানিব পৰা গৈছে৷