বেজেৰাত পৰিবহণ বিভাগৰ সজাগতামূলক কাৰ্যসূচী ।

“ই ৰিক্সা নেচনেল হাইৱেত নচলাব ৷ ১৮ বছৰ নোহোৱা স্কুলীয়া ছাত্ৰক বিদ্যালয়লৈ বাইক লৈ আহিবলৈ বাধা প্ৰদান কৰক অভিভাৱক আৰু অধ্যক্ষই” – কামৰূপ জিলাৰ বেজেৰাত এক সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে কামৰূপ জিলা পৰিৱহণ বিষয়া মনোজ চৌধুৰী আৰু সহকাৰী প্ৰতিবন্ধক পৰিদৰ্শক ড° খনীন্দ্ৰ কুমাৰ বৰ্মনে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পালন কৰা এই সজাগতামূলক কাৰ্যসূচীত পৰিবহণ বিভাগৰ বিষয়াসকলে হেলমেট নিপিন্ধা বাইক আৰোহীক হেলমেট পৰিধান কৰিবলৈ সকিয়াই দিয়ে ৷ লগতে বাহনসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মসমূহ পালনৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে । সোমবাৰৰ সজাগতা কাৰ্যসূচীত ৰাজ্যত সংঘটিত পথ দূৰ্ঘটনা ৰোধ তথা মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱা কাৰ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰা দেখা যায় কামৰূপ জিলা পৰিবহণ বিভাগক ।