বিহালী বৰাজুলি নেপালী গাৱৰ কিশোৰীৰ অৰুণাচলত ৰহস্যজনক মৃত্যু হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি নেপালী গাৱৰ পানী ৰাম ভূঞাৰ ১৫ বছৰীয়া ছোৱালী লক্ষীমণি ভূঞা বিগত ২ বছৰ ধৰি অৰুণাচলত ঘৰুৱা কামত নিয়োজিত হৈ আছিল।কিন্তু যোৱা কালি হঠাতে ছোৱালী জনীৰ মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়ে।তাৰ পিছত আজি কিশোৰী গৰাকী মৃত দেহ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি কৈ চমজাই দিয়ে ! পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়া মতে অৰুণাচলৰ নিটি নগৰৰ টাবো কাচৰ ঘৰত বন কৰা হিচাপে আছিল ছোৱালী গৰাকী ।

আনহাতে মৃত লক্ষীমণিৰ ভনিয়েক বাইয়েকৰ লগতে একে লগে কাম কৰিছিল । ভনিয়েকে তাইৰ বায়েকক প্ৰথমতে মাৰপিট কৰি পিছত বাহ গছত ওলোমাই দিয়ে বুলি অভিযোগ কৰিছে।বিহালীৰ দৰিদ্ৰ পৰিয়ালৰ বহু আদিবাসী ল’ৰা ছোৱালী অৰুণাচলৈ বন কৰিবলৈ যায় আৰু বহু সময়ত তাতেই মৃত্যু হয়।কিন্তু ভুক্তভোগীৰ পৰিয়ালে ন্যায় নাপায়।আজিৰ এই ঘটনাত স্থানীয় ৰাইজে পুনৰ মৰোণত্তৰ পৰীক্ষাৰ দাবী জনোৱাৰ লগতে জিলা প্ৰশাসনৰ তদন্তৰ দাবী জনাইছে।