বিদ্যালয়লৈ নিম্নমানদণ্ডৰ সামগ্ৰী যোগান যোৰহাটৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৷ সৰৱ নদুৱাৰৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ উচিত তদন্তৰ দাবী জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

চৰকাৰী শিক্ষাখণ্ডৰ আমোল পৰিৱৰ্তনৰ উদ্দেশ্যেৰে চৰকাৰে ন, ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও শেহতীয়াকৈ কিছুমান কৰ্মকাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ৷ কিছুদিন পূৰ্বে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ একাংশ বিদ্যালয়ত সংলগ্ন লাইব্ৰেৰীসমূহলৈ যোগান ধৰা হয় চকী-মেজকে ধৰি বিভিন্ন ব্যৱহৃত সামগ্ৰী তথা ফাৰ্নিচাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধাৰ্থে যোগান ধৰা এই ব্যৱহৃত আচবাৱ তথা ফাৰ্নিচাৰসমূহ অতি নিম্নমানদণ্ডৰৰ বুলি গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে, সমষ্টিটোৰ প্ৰায়কেইখন হাইস্কুললৈ যোৰহাটৰ এগৰাকী ঠিকাদাৰে এ জি এণ্টাৰপ্ৰাইজ প্ৰতিষ্ঠানৰ নামত মুঠ ডেৰ লাখ টকাকৈ এই সামগ্ৰীসমূহ যোগান ধৰে ৷ অতি উচ্চ নিৰিখত আলমিৰা,প্লাষ্টিকৰ চকী-বেঞ্চ,টেবুলকে ধৰি এই সামগ্ৰীসমূহ যোগান ধৰা কেইটামান দিনৰ পাচতেই ভাগি পৰাৰ লগতে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে ৷ অধিক ধন আত্মসাৎৰ উদ্দেশ্যৰেই অতি নিম্নমানদণ্ডৰৰ সামগ্ৰী যোগান ধৰা এই ঠিকাদাৰী প্ৰতিষ্ঠান এ জি এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে বিভাগীয় উচ্চ কৰ্তৃপক্ষক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টুপিয়া পাচগাওঁ একাডেমী,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জামুগুৰি একাডেমীৰ স্কুলৰ কৰ্তৃপক্ষই ৷