বঙাইগাঁও জিলাৰ বালাৰচৰত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে বাঁহৰ কাৰুশিল্প নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰত সামৰণি অনুষ্ঠানত উপস্থিত থাকি কাৰ্য্যালয়ৰ শুভাৰম্ভ কৰে আৰু কাৰুশিল্পত পাৰদৰ্শিতা দেখুওৱা লোকক বঁটা প্ৰদান কৰে । বঙাইগাঁও জিলাৰ বালাৰচৰত নাৰ্বাডৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘ এন জি অ’ৰ সহযোগত অনুষ্ঠিত হয় কাৰুশিল্প প্ৰশিক্ষণ শিবিৰৰ । উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে বালাৰচৰত কাৰুশিল্পৰ এটা কাৰ্য্যালয়ৰ ফিটা কাটি শুভাৰম্ভ কৰে । তাৰ পিছতে প্ৰাক্তন পঞ্চায়ত সভাপতি ছেকেণ্ডাৰ প্ৰধানীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত এনজিঅ’ৰ সম্পাদক ছাহজাহান আমিনে উদ্দেশ্যে ব্যাখ্যা কৰাৰ লগতে সম্বৰ্ধনা অনুষ্ঠান আৰু পৰিচয় পৰ্ব পৰিচালনা কৰে । সভাত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে বাঁহ বেতেৰে প্ৰস্তুত কৰা সামগ্ৰী দেখি উৎফুল্লিত হৈ পৰে আৰু সকলোকে কাৰুশিল্পৰ কাম কৰাৰ বাবে আহ্বান জনায় । সভাত বঙাইগাঁও জিলা নাৰ্বাডৰ ডিডিএম আলাৰাম ডেউৰী,
বঙাইগাঁও জিলা এছবিআইৰ এলডিএম বিকাশ চন্দ্ৰ শীল , এ ডি অ পিংকি প্ৰিয়া নেওগ , কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামে ভাষণ প্ৰদান কৰে । জানিব পৰা মতে, ৯০ টা এছ এইজ জিৰ ৯০ জন হিতাধিকাৰীক ৪৫ দিন প্ৰশিক্ষণ দিয়ে । উল্লেখ্য যে, ৰূপজ্যোতি এন জিঅ’ৰ তৰফৰ পৰা বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰীত পাৰদৰ্শিতা দেখুওৱা জাহান উদ্দিন, জেলেখা খাতুন, তাৰা ভানু, ওমেছা খাতুন, হালিমা নেছা , সুখীতন নেছাক মানপত্ৰ আৰু বঁটাৰে পুৰস্কাৰ প্ৰদান কৰা হয় । উল্লেখ্য যে, পূৰ্বেতেও ৰূপজ্যোতি এন জি অ’য়ে বহুত সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে বুলি বিধায়কজনে উল্লেখ কৰে । ৰূপজ্যোতি এন জি অ’ৰ সভাপতি
শামচুল আলম আৰু সম্পাদক ছাহজাহান আমিনে জানিব দিয়া মতে যিকোনো প্ৰকাৰে আন্ত:ৰাষ্ট্ৰীয় বজাৰত বাঁহ-বেতৰ সা-সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিব ।