বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ…

বদৰুদ্দিন আজমলে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰে । এআইইউডিএফে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব বুলি কয়।

ইপিনে বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত অত্যাচাৰ বন্ধ হ’ব লাগে বুলি মত পোষণ কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত তেঁও ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰালয়ৰ ওচৰত পত্ৰ প্ৰেৰণ কৰি ইয়াৰ হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে। প্ৰয়োজন হ’লে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত শান্তিৰ বাৰ্তা লৈ বাংলাদেশলৈ যাবলৈও প্ৰস্তুত আছে বুলি কয় বদৰুদ্দিন আজমলে। বাংলাদেশৰ যি সকল অত্যাচাৰী মুছলমান আছে তেঁওলোকক লাজ দিবলৈহে তেঁও প্ৰয়োজনত বাংলাদেশলৈ যাব বুলি কয়।