বাংলাদেশত হিন্দুৰ ওপৰত চলাই থকা নিৰ্যাতন অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত, লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ।

বাংলাদেশত দিনক দিনে হিন্দু ধৰ্মাৱলম্বীসকলক অমানৱীয়ভাৱে চলাই অহা অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে আজি মৰিগাঁও চহৰত লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় । সংগঠনটোৰ কাৰ্যকৰ্তাসকলে জিলাখনৰ বিহুতলিৰ পৰা সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বাংলাদেশত হিন্দুসকলক সুৰক্ষা প্ৰদান কৰক, হিন্দু মঠ মন্দিৰত লুটপাত চলায় ভাঙি দিয়া বন্ধ কৰক, মানৱ অধিকাৰ সুনিশ্চিত কৰক,জয় শ্ৰীৰাম ইত্যাদি শ্লোগানেৰে মৰিগাঁও চহৰৰ মাজমজিয়াত ধৰ্ণা
কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিয়ে । ধৰ্ণা কাৰ্যসূচীৰ অন্তত মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা তথা অধ্যাপক মহম্মদ ইউনুচলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷