বটদ্ৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। খাদ্যৰ সৈতে চেতনা নাশক দ্ৰব্য মিহলাই এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ছৰিফুল ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ অনুসৰি, ২৩ ডিচেম্বৰত ৪ বজাত জুৰিয়া কলেজৰ ইউনিফৰ্ম পৰিহিত ৩ গৰাকী ছোৱালী আহি আকলিমা খাতুনক ফুচলাই লৈ চলচলি মাদ্রাছাৰ কাষত থকা চাওমিন দোকানলৈ লৈ যায়।
সেই স্থানতে চাওমিনৰ লগত কিবা চেতনা নাশক দ্রব্য মিহলাই যুৱতীগৰাকীক ভোমোৰাগুৰিলৈ লৈ যায়। আনুমানিক ৬ মান বজালৈকে আকলিমা খাতুন ঘৰলৈ গৈ নোপোৱাত ঘৰৰ পৰা আকলিমাৰ মোবাইলত ফোন কৰাত বট্টদ্রবা থানাৰ আৰক্ষীয়ে ফোন ৰিচিভ কৰি তেওঁ দুর্ঘটনা হোৱা বুলি জনায়।
পৰৱৰ্তী সময়ত আকলিমা খাতুনক মুমূৰ্ষু অৱস্থাত প্রথমে বৰদোৱা হাস্পতাল পাছত নগাঁও মেন্ট’ হাস্পতাল আৰু অধিক জটিল হোৱাত গুৱাহাটী মেট্ৰ’হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বর্তমান আকলিমা খাতুন মৃত্যুৰ সৈতে যুঁজি আছে। আকলিমাৰ শৰীৰত আৰু দুয়োখন হাতত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন পৰিলক্ষিত হৈছে।
ইফালে উক্ত ঘটনা সংঘটিত হোৱা পাছতে আৰক্ষীয়ে চাওমিন দোকানৰ স্বত্বাধিকাৰী ছৰিফুল ইছলামক আটক কৰিছে। ইছলামৰ ঘৰ নগাঁও সদৰ থানাৰ অন্তৰ্গত চিলঙনীত। ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীয়ে 146/24 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।