বকোৰ বনগাঁওত তৃণমূল কংগ্ৰেছ দলৰ সংবাদ মেল। ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত কামৰূপ জিলাত চাৰি গৰাকী দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা।

বকোৰ বনগাঁওত তৃণমূল কংগ্ৰেছ দলৰ সংবাদ মেল। ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত কামৰূপ জিলাত চাৰি গৰাকী দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা। ৰাইজক আস্থা আৰু বিশ্বাসেৰে তৃণমুলক আঁকোৱালি লোৱাৰ আহ্বান।সৰ্বভাৰতীয় ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা সমাগত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত চাৰি গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বুলি আজি এক সংবাদ মেল পাতি ঘোষণা কৰে।

অহা ২ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক আস্থা আৰু বিশ্বাসেৰে গ্ৰহণ কৰি ভোট দান কৰি জয়ী কৰাৱলৈ আহ্বান জনায়। উল্লেখ্য যে ; তৃণমূল কংগ্ৰেছ দলৰ অসম প্ৰদেশ সমিতিৰ উপ সভাপতি দুলু আহমেদ ; সাধাৰণ সম্পাদক সঞ্জীৱ মহন্ত ; মনোজ সেনাপতি ; শিশিৰ কলিতা ; তৰিৎ চেটাৰ্জী; অতুল দত্তকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহু সংখ্যক নেতা কৰ্মী আৰু বহু কেইগৰাকী মহিলা নেত্ৰীয়ে সংবাদ মেলত অংশগ্ৰহণ কৰে। ইফালে পৰিষদৰ নিৰ্বাচনত বন্দাপাৰাত শ্যামল ৰাভা ; উত্তৰ বনগাঁওত প্ৰতাপ কুমাৰ সাহা ; দক্ষিণ বনগাঁওত ৰূপ কুমাৰ বড়ো ; ৩০ নং বামুণীগাঁওত পৰশ দাসক প্ৰক্ষেপ কৰিছে বুলি প্ৰচাৰ কৰে। সংবাদ মেলৰ পিছতে বীৰপাৰাত অনুষ্ঠিত কৰে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা।