বিদেশী পৰ্যটকে ক্ৰয় কৰিলে কলিয়াবৰৰ উলুৱনি সাপ্তাহিক বজাৰত উপলব্ধ থলুৱা শাক-পাচলি।
গাঁৱলীয়া পৰিবেশৰ মাজত থকা কলিয়াবৰৰ উলুৱনি সাপ্তাহিক বজাৰত দেখা পোৱা গ’ল এটা বিদেশী পৰ্যটকৰ দলক।
কাজিৰঙা তথা অসমৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটকে শক্ৰবাৰে ভুমুকি মাৰে কলিয়াবৰৰ এখন বিশেষ বজাৰত।
বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণ কেন্দ্ৰ হৈ পৰিছে কলিয়াবৰৰ উলুৱনি মডেল বজাৰখন।
Jungle Travels Of India ৰ জৰিয়তে নদীপথেৰে কাজিৰঙাকে প্ৰমুখ্য কৰি অসম পৰ্যটন ক্ষেত্ৰসমুহ পৰিদৰ্শন কৰিবলৈ আহিছে বিদেশী পৰ্যটকৰ দলটো।