পূজাৰ গেট ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে । ক’ত সংঘটিত হৈছে এই ঘটনা ?

বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ।
বেজেৰা সাৰ্বজনীন দূৰ্গা পূজাৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ লাইটৰ গেট দিয়া হৈছিল
সেই গেট ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে ।
প্ৰতিকূল বতৰৰ বাবে হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।
নিশা হৈ যোৱা মুষলধাৰ বৰষুণৰ ফলত এই ঘটনা সংঘটিত হয় ।
গেট বাগৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটি সম্পূৰ্ণৰূপে বন্ধ হৈ
পৰাৰ ফলত বহু সময় ধৰি যানযটৰ সৃষ্টি হয় ।
গেটখন বাগৰাৰ ফলত দুখন ই-ৰিক্সাৰ ক্ষতিসাধন হয় ।