পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ।
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে গোৰেশ্বৰৰ ২২ বছৰীয়া যুৱকে।

২২ বছৰীয়া পুত্ৰৰ অকাল বিয়োগত হিয়া ভগা কান্দোন এগৰাকী দুৰ্ভগীয়া মাতৃৰ।

গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠেনী গাৱৰ অজিত ৰাজবংশী আৰু পুৱালী ৰাজবংশীৰ ২২ বছৰীয়া পুত্ৰ গীৰেন ৰাজবংশীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্যৰ।

একেখন গাৱৰে তিনি বন্ধুৰ সৈতে গোৱালৈ বুলি কেইদিন পূৰ্বে গীৰেন ৰাজবংশীয়ে ওলাই গৈছিল ঘৰৰ পৰা।
লক্ষ্যস্থান পাবলৈ কিছুদূৰ বাট থাকোতে মহাৰাষ্ট্ৰৰ ৰে’ল ষ্টেচনত গীৰেন ৰাজবংশীৰ ক্ষত-বিক্ষত শৰীৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।
পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যা।গীৰেন ৰাজবংশীৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰে।