পাৱৈ চাহ বাগিছাত ১৬ শতাংশ বোনাছ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰদান ।

মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া,দণ্ডাধীশ আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ উপস্থিতিত সোমবাৰে শ্ৰমিকৰ মাজত ১৬% বোনাচ প্ৰদান কৰা হয় । বাকী ৪ শতাংশ মাঘ বিহুত প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে । উল্লেখ্য যে বাগিছাখনৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে ২০ শতাংশ বোনাছ একেলগে দিবলৈ দাবী জনাইছিল। কিন্তু বাগিছা কৰ্তৃপক্ষই দুটা কিস্তিতহে দিব বিচাৰি আছিল । ফলত ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত শ্ৰমিকসকলে একেলগে ২০ শতাংশ বোনাছ প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি দুটা দিন বাগিছাখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলল । তাৰ পাছত বাগিছাৰ কাম কাজ চলি আছিল যদিও ২০ শতাংশ বোনাছ প্ৰদানৰ দাবীত শ্ৰমিকসকল অটল আছিল । কিন্তু সোমবাৰে হোৱা এক আলোচনাত বাগিছাৰ পৰিচালকে অহা বছৰৰ পৰা এটা কিস্তিত বোনাছ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰাত শ্ৰমিকসকলে এইবাৰ দুটা কিস্তিত বোনাছ লবলৈ মান্তি হয়।