পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা। পাছত দেহৰ অৱশিষ্টখিনি এটা হ্ৰদত পেলাই দিলে পাষাণ স্বামীয়ে। এই নৃশংস ঘটনা সংঘটিত হ’ল তেলেংগানাৰ হায়দৰাবাদ চহৰৰ জিলেলাগুডা অঞ্চলত। হত্যাকাৰী স্বামী গুৰুমূৰ্তি পেচাত এজন প্ৰাক্তন সেনা জোৱান আছিল। হত্যাৰ বলি হোৱা মাধৱী নামৰ মহিলাগৰাকীৰ আছিল দুটি সন্তান। বিগত ৫ বছৰ ধৰি স্বামী গুৰুমূৰ্তিৰ সৈতে মাধৱী জিলেলাগুডাত বাস কৰিছিল।ইতিমধ্যে মীৰপীট আৰক্ষীয়ে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাত এই নৃশংস হত্যাকাণ্ড কথা স্বীকাৰ কৰিছে পাষাণ স্বামীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অতিৰিক্ত প্ৰমাণ তথ্য সংগ্ৰহ কৰি আছে। হত্যাকাৰী স্বামী গুৰুমূৰ্তি এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান আছিল। বৰ্তমান কাঞ্চনবাগত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত গুৰুমূৰ্তি।