পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে সৃজনগ্ৰাম সমষ্টিৰ ১১ নং কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনে প্ৰচাৰ অভিযান তুংগত তুলিছে। প্ৰায় তিনি সহস্ৰাধিক লোকৰ উপস্থিতিত বালাৰচৰ বানিজ্য বজাৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। তাৰ পিছতে প্ৰাক্তন পঞ্চায়ত সভাপতি ও বঙাইগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি দেৱান আব্দুল হাইৰ পৌৰহিত্বতত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নাহিদা চৌধুৰীয়ে ভাষনত বিধায়ক আব্দুল বাতিন খন্দকাৰক তুলাধুনা দিয়ে। আনহাতে ধনৰ বিনিময়ত দূৰ্নীতি পৰায়ন ছেকেণ্ডাৰ প্ৰধানীক কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে। সেয়ে এই নিৰ্বাচন দূৰ্নীতি – অনিয়ম-অন্যায়ৰ বিৰুদ্ধে নিৰ্বাচন বুলি কৈ নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

সভাত বক্তাসকলে বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বিৰুদ্ধে ভাষন দিয়ে। আনকি উক্ত সভাত এআইইউডিএফ আৰু অগপই নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনক মুকলিকৈ সমৰ্থন দিয়া বুলি কয়। সভাত প্ৰায় তিনি সহস্ৰাধিক লোক উপস্থিত থাকি ৰমেজ উদ্দিনৰ সপক্ষে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে।