তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ । দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ এক নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেলপথাৰৰ সমীপৰ নিবাসী অভিমন্যু নামৰ পাঁচ বছৰীয়া শিশুটি অষ্টমী পূজাৰ দিনা পুৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল । পৰৱৰ্তী সময়ত সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল । স্থানীয় ৰাইজে ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনাইছিল । আৰক্ষীৰ সন্দেহ ওপজাত সুপ্ৰিয়াক উপৰ্যুপৰি জেৰা কৰাত নিজ সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ সুপ্ৰিয়া ভট্টাচাৰ্যীৰ । নিৰুদ্দেশৰ নাটক কৰি হত্যা নিজ শিশু পুত্ৰক । নিজ জন্মদাত্ৰী মাতৃ কেনেকৈ হ’ব পাৰে ইমান নিৰ্দয় । কিমান নৃশংস হ’লে এগৰাকী মাতৃয়ে নিজ শিশু পুত্ৰক হত্যা কৰিব পাৰে । উচ্চ শিক্ষিতা সুপ্ৰিয়াৰ এবছৰৰ পূৰ্বে বিবাহ বিচ্ছেদ হোৱাত তেতিয়াৰ পৰা পিতৃৰ গৃহতে পুত্ৰৰ সৈতে থাকিবলৈ লৈছিল । স্থানীয় ৰাইজৰ সন্দেহ, পিতৃ গৃহত থকা সময়তে কোনো ব্যক্তিৰ সৈতে অবৈধ সম্পৰ্ক গঢ় লৈ উঠে সুপ্ৰিয়া ভট্টাচাৰ্যীৰ । এই ক্ষেত্ৰত সমস্যা হৈ দেখা দিয়ে পুত্ৰ অভিমন্যু চক্ৰৱৰ্তী । হয়তু ইয়াৰ বাবেই সুপ্ৰিয়া ভট্টাচাৰ্যই পৰিকল্পিতভাৱে হত্যা কৰে শিশু পুত্ৰক । এই জঘন্য ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটাতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উচ্চ শিক্ষিত পৰিয়ালত সংঘটিত হোৱা এই ঘটনাই অঞ্চলবাসীক বাকৰুদ্ধ কৰি পেলাইছে । এই ঘটনাই প্ৰতিজন হৃদয়ৱান লোকৰ মন মগজুক জোকাৰি গৈছে। বৰ্তমান মাতৃৰ মাতৃত্ব,অপত্য স্নেহ ক’ত হেৰাল ? নমাহ ন দিন গৰ্ভত ধাৰণ কৰাৰ এগৰাকী মাতৃ কেনেকৈ ইমান নিৰ্দয় হ’ব পাৰে । ঘটনাটোৰ সৈতে আন ব্যক্তিও জড়িত হৈ থকা সন্দেহ স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজে এই ঘটনাৰ এক উচ্চ স্তৰীয় তদন্তৰ দাবী জনোৱাৰ লগতে এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে । আইনৰ সুৰুঙাৰে কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত কৰিছে স্থানীয় সচেতন ৰাইজে ।