নগাঁও জিলাৰ ৰহা নামগাঁৱৰ মহিলাসকলৰ দ্বাৰা বিহু কৰ্মশালা অনুষ্ঠিত…
ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰহাৰ নামগাঁৱতো চলিছে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি ,নগাঁও জিলাৰ ৰহা নামগাঁও মহিলা সকলৰ দ্বাৰা

যোৱা ২৩ মাৰ্চৰ পৰা অহা ৩ এপ্ৰিল লৈকে নামগাঁও ৰাজহুৱা ভৱনত ঢোল বাদন , বিহু নাচ,বিহুগীত, জেংবিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে

এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিৰেণ ডেকা (বিহু বিষেশজ্ঞ) ,এই কৰ্মশালাখনিত আজি অতিথি হিচাপে উপস্থিত থাকে বিহুৱতী জাগৃতি কলিতা আৰু নগাঁও জেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ ।।