ধোঁৱাচাঙত বিহালীৰ জল জীৱন আঁচনি ৩ বছৰে সম্পূৰ্ণ নহ’ল কাছকটা জল জীৱন আঁচনিৰ কাম। বিহালীৰ বহুকেইটা আঁচনি এতিয়ালৈকে সম্পূৰ্ণ নহ’ল।
ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বিহালীত। বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ (জলসিঞ্চন)অধীনৰ বিহালীৰ কাছকটা জল জীৱন আঁচনি লগতে বিহালীৰ বহুকেইটা আঁচনিৰ এতিয়ালৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে। কানসাৰ নাই বিভাগীয় কতৃৰ্পক্ষৰ। আচলতে এনেকৈ চলিছে নেকি জল জীৱন আঁচনি কাম? সচেতন লোকৰ মতে ঠিকাদাৰ সৈতে বিভাগীয় কতৃপক্ষৰ আছে মিটিৰালী। যাৰ বাবে আজিও এনে ঠিকাদাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃপক্ষই। ফলস্বৰূপে এটোপাল বিশুদ্ধ খোৱা পানীৰ অপেক্ষাত থাকিবলগিয়া হৈছে জনসাধাৰণ।