ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক আক্ৰমণ।

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক আক্ৰমণ। ধুবুৰী SP কৰ্যালয়ৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশ। ভুক্তভোগী বিষ্ণু ৰায় নামৰ জোৱানজন বৰ্তমান ৭নং বেটেলিয়নত কৰ্মৰত। জোৱানজনৰ গাত ঔষধজাতীয় সামগ্ৰী ছটিয়াই চোকা অস্ত্ৰৰে আক্ৰমণৰ অভিযোগ। জোৱানজনৰ সোণৰ অলংকাৰ লৈ পলোৱাৰ চেষ্টা কৰোঁতেই ৰাইজৰ কবলত পৰে চোৰটো। ধৃত চিলনী চোৰটোক ৰাইজে শোধালে উত্তম-মধ্যম। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চোৰটোক লৈ যায় ধুবুৰী সদৰ থানালৈ। ধৃত চিলনী চোৰটো বিহাৰৰ কিষাণগঞ্জৰ মণ্টি যাদৱ।