ধিঙৰ টুকটুকীত জমীয়তৰ উদ্যোগত অসমৰ প্ৰথমখন প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ ।

নগাওঁ জিলাৰ ধিঙৰ বৃহত্তৰ টুকটুকীৰ কটহগুৰিত প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে ।
জানিব পৰা মতে, অসম জমীয়ত য়ুথ ক্লাৱৰ উদ্যোগত ভাৰতৰ স্কাউট আৰু গাইডৰ প্ৰথমখন প্ৰশিক্ষণ শিবিৰ পোনপ্ৰথমবাৰৰ বাবে কটহগুৰি টুকটুকী দাৰুল উলুম মাদ্ৰাছাত শুভাৰম্ভ কৰা হয় । ৪৫ জন প্ৰশিক্ষাৰ্থীক পাঁচগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিব বুলি জানিব পৰা গৈছে । ১৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে অনুষ্ঠিত হব লগা প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে জিতেন্দ্ৰ নাৰায়ণ বৰুৱা, আজাহাৰ উদ্দিন আহমেদ, প্ৰাৰ্থ জ্যোতি বৰা, ছফিকুল হক আৰু নাচিৰ উদ্দিনক নিয়োগ কৰা হৈছে । আজিৰ এই শুভাৰম্ভ কৰা অনুষ্ঠানটিত নগাওঁ জিলা জমীয়তৰ সম্পাদক আব্দুছ চালাম কাছিমি চাহাব, অসম ৰাজ্যিক দ্বিনী তালিমী বৰ্ডৰ সম্পাদক মৌলানা আব্দুল নুৰ চাহাবৰ লগতে কটহগুৰি টুকটুকী দাৰুল উলুম মাদ্ৰাছাৰ শিক্ষকসকল উপস্থিত আছিল । ভাৰত স্কাউট এণ্ড গাইডৰ নতুন সদস্য ভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ উপৰিও উক্ত প্ৰশিক্ষণৰ জৰিয়তে অন্যান্য ৰাজ্যৰ লগতে অসমতো জমিয়ত য়ুথ ক্লাব,অসমে কাম কৰি যাব । আমাৰ সমাজত চলি থকা বিভিন্নধৰণৰ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে জমিয়তৰ ফালৰ পৰা ভাৰত স্কাউট এণ্ড গাইডৰ সহযোগত অভিযান আৰম্ভ হৈছে বুলি ব্যক্ত কৰে জমীয়তৰ সদস্যসকলে ।