
পটল খেতিত কাম কৰি থকা অৱস্থাত পুঠিমাৰীৰ আব্দুল ৰেজেক নামৰ কৃষক গৰাকীক আক্ৰমণ কৰে বাঘে ।
সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁৱলৈ প্ৰেৰণ কৰে।
যোৱা দহ দিন ধৰি ধিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে।
কিন্তু বাঘ ধৰাত ব্যৰ্থ নগাঁও বন বিভাগ।
পূৰ্বেও বাঘটোৱে ধিঙৰ জেঙনীত তিনিজন লোকক আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰিছিল।
-প্ৰতিবেদক আপ্তাৰ হুছেইন, মৈৰাবাৰী