অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ, অক্টোবৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু লেখক, লোককলাৰ গৱেষক , সংগীত শিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড°বীৰেন্দ্ৰ নাথ দত্তদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী বুধবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালত পালন কৰা হয় । উক্ত অনুষ্ঠানতে ২২ অক্টোবৰত আকস্মিকভাৱে অকাল মৃত্যুক সাবটি লোৱা বিৰিণা গোষ্ঠী অসমৰ বিশেষ প্ৰতিনিধি তথা সাংবাদিক পংকজ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তফিকুৰ ৰহমানে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰমে সভাপতি লীলাধৰ পাঠক আৰু কুশল চৌধুৰীয়ে । ড°বীৰেন্দ্ৰনাথ দত্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ উপদেষ্টা ভৱেন কুমাৰ কলিতাই আৰু পংকজ বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উত্তৰ ৰৌমাৰী পথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলামে । তাৰ পিছতে অনুষ্ঠিত হয় সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিৰিণা গোষ্ঠী ,অসমৰ নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট লোকে সংস্কৃতিৰ সাধক ড°বীৰেন্দ্ৰ নাথ দত্তৰ কৰ্মৰাজি আৰু জীৱন- দৰ্শন সম্পৰ্কত বক্তব্য প্ৰদান কৰে । দুয়োগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি সভাত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । উক্ত অনুষ্ঠানতে গোষ্ঠীটোৰ সভাপতিয়ে এইবেলি ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা বৰক্ষেত্ৰীৰ প্ৰগতিশীল লেখক কালদি গাঁৱৰ পৰীক্ষিত বৈশ্যক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে । অহা ১৮ নৱেম্বৰত অনুষ্ঠিত বিৰিণা বৈভৱ আৰু ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে।