এখন ধাননি পথাৰত নৱজাতকটিক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । এই পৰ্যন্ত নৱজাতকটিক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । কোনো লোকে নৱজাতকটিক পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।