দুদিনীয়াকৈ উদযাপন কৰা ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱসৰ প্ৰথমদিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ ।

১৯৮৯ চনৰ ১৪ অক্টোবৰত অবিভক্ত নগাঁও জিলাৰ পৰা মৰিগাঁও মহকুমাক সুকীয়া জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল। বৰ্তমান মৰিগাঁও জিলা গঠনৰ বয়স ৩৬ বছৰ হোৱাৰ শুভক্ষণত তৃতীয় বাৰৰ বাবে আড়ম্বৰপূৰ্ণভাৱে “জিলিকাব লুইতৰে পাৰ” শীৰ্ষক নামাকৰণ কৰি আয়োজন কৰিছে মৰিগাঁও দিৱস। বিশেষকৈ মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা বাসী ৰাইজৰ অকুণ্ঠ সঁহাৰিত দুদিনীয়াকৈ উদযাপন কৰা মৰিগাঁও জিলা দিৱসৰ প্ৰথমদিনাৰ কাৰ্যসূচীৰ পুৱা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পতাকা উত্তোলন কৰাৰ লগতে সমন্বয় শোভাযাত্ৰাৰ ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে । বিধায়কগৰাকীক সংগ দিয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। ইতিমধ্যে “জিলিকাব লুইতৰে পাৰ” নামৰ স্মৃতি গ্ৰন্থখন শুভ উন্মোচন কৰা মহিলা কবি সন্মিলন আৰু সন্ধ্যা “মাছাল” নামৰ নাটকত অংশ ল’ব বলিউডৰ যশস্বী অভিনেতা ৰাকেশ বেদীয়ে।