দীপান্বিতাৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সম্প্ৰতি তিনিচুকীয়া জিলাৰ খাদ্য সুৰক্ষা বিভাগৰ ব্যাপক অভিযান ।
অসাধু ব্যৱসায়ীয়ে যাতে সুস্বাদু মিঠাইত ভেজাল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ জিলাৰ খাদ্য বিভাগৰ।
মাৰ্ঘেৰিটাত তিনিচুকীয়া খাদ্য বিভাগৰ এটা দলে বিভিন্ন হোটেলৰ পৰা মিঠাইৰ নমুনা সংগ্ৰহ কৰি ভেজালকৰণৰ সন্দৰ্ভত পৰীক্ষা কৰে । মাৰ্ঘেৰিটাত বহুকেইখন হোটেলত পৰিদৰ্শন কৰি মিঠাইত থকা ভেজালৰ পৰীক্ষা কৰে । ঠাইতে পৰীক্ষা কৰা কিছু হোটেলৰ মিঠাইত ভেজাল পোৱা কথা ব্যক্ত কৰিছে পৰিদৰ্শনকাৰী দলে । অৱশ্যে এই পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পিছতহে গুৱাহাটীৰ খাদ্য সুৰক্ষা বিভাগে মিঠাইত ভেজাল কৰাৰ সেই হোটেলসমূহৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে জানিব পৰা যাব । খাদ্য পৰিদৰ্শনকাৰী দলটোক নেতৃত্ব দিয়ে তিনিচুকীয়া জিলাৰ খাদ্য বিভাগ লেবৰেটৰি ট্ৰেকনেচিয়ান অৰুণিমা বৰাই।