বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা আজিজুল হকৰ ঘৰত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। ৰাতিপুৱা ১১ মান বজাত আজিজুল হকৰ পন্তীয়ে ওচৰতে থকা বেলেগৰ ঘৰত গাখীৰ আনিবলৈ গৈছিল। ১৫ মিনিট মানৰ ভিতৰত ঘৰলৈ ঘুৰি আহি চায় যে দৰ্জাৰ তোলা ভাঙা, ভিতৰত বস্তু সমূহ লণ্ড ভণ্ড হৈ পৰি আছে।

ড্ৰয়াৰ খুলি চায় সোণৰ অলংকাৰ সমূহৰ লগতে নগদ টকা নাই। লগে লগে ছিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি প্ৰত্যক্ষ কৰে যে ঘটনা সত্য। গৃহস্থই জানিব দিয়া মতে নগদ টকা তিনি লাখ আৰু পৰিয়ালৰ বাবে ব্যৱহৃত সকলো সোণৰ অলংকাৰ যাৰ মূল্য প্ৰায় চাৰিলাখ মান হব। নগদ টকা আৰু সোন মিলি প্ৰায় সাত লাখ টকা হব। স্থানীয় সচেতন ব্যক্তিৰ সন্দেহ এই চুৰি কাৰ্যত ওচৰ চুবুৰীয়া ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু চোৰক কৰায়ত্ব কৰাৰ বাবে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।