তিনিচুকীয়া জিলাৰ ৮০ বাগিছা কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ বুজাবুজিৰ চুক্তি।

তিনিচুকীয়া জিলাৰ চাহ বাগিছাসমূহত থকা ৮০ খন হস্পিতাল আৰু স্বাস্থ্য কেন্দ্ৰক আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে উন্নীত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে।ৰাজ্যিক পৰ্যায়ত আয়োজিত এটি অনুষ্ঠানৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি ৮০খন বাগিছা কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ সুকীয়া সুকীয়া বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।ইয়াৰ লগে লগে চাহ বাগিছা অঞ্চলত স্বাস্থ্য সেৱাৰ উন্নয়ন তৰান্বিত হোৱাটো নিশ্চিত হ’ল। চুক্তি অনুসৰি প্ৰতিখন বাগিছাৰ প্ৰতিখন চিকিৎসালয়ৰ সমান্তৰালকৈ সুকীয়া চিকিৎসালয় নিৰ্মাণৰ কাম ৰাজ্য চৰকাৰে নিজাববীয়াকৈ গ্ৰহণ কৰাৰ লগতে প্ৰতিখন চিকিৎসালয়ৰ বাবে একোজন সমূহীয়া স্বাস্থ্য বিষয়া নিয়োগ কৰিব।নতুন চিকিৎসালয় ভৱন বা ইয়াৰ বিষয়া-কৰ্মচাৰীৰ বাবে আৱাস নিৰ্মাণৰ বাবে বাগিছা কৰ্তৃপক্ষই পৰ্যাপ্ত মাটি প্ৰদান কৰিব। চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধৰ যোগান আৰু বিনামূলীয়া ৰোগ পৰীক্ষা আদিৰ ব্যৱস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা সম্পন্ন কৰা হ’ব।উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে চাহ বাগিছা সমূহত স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থাৰ আজি গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত উদ্ধোধন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে জিলাসমূহতো অনুষ্ঠিত অনুষ্ঠানৰ অংশ হিচাপে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলাখন ৮০ খন বৃহৎ চাহবাগিচাৰ কৰ্তৃপক্ষৰ মাজত চুক্তি স্বাক্ষৰিত হয়। জিলা আয়ুক্ত গৰাকীয়ে কয় যে,চাহ বাগিছা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকল পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি উত্থাপিত অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এই উদ্যোগ গ্ৰহণ কৰিছে যাতে বাগিছাৰ লোকসকলেও উন্নতৰ স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব পাৰে।এই ক্ষেত্ৰত উপায়ুক্তই বাগিছা কৰ্তৃপক্ষৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰে। অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠক,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: জয়ন্ত ভট্টাচাৰ্য্য, সহকাৰী শ্ৰম আয়ুক্ত ভাস্কৰ মিলি আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্থিত থাকে।