তিনিচুকীয়া জিলাৰ নতুন গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড ।

একেখন গাওঁৰ এগৰাকী মহিলাই যুৱক এজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ আৰু ৰাইজৰ ।
হত্যাকাণ্ডৰ বলি হোৱা যুৱকজনৰ নাম সমীৰ গোহাঁই (২২) বুলি জানিব পৰা গৈছে ।
শনিবাৰৰ পৰা নিখোজ হৈ থকা যুৱকজনৰ মৃতদেহ আজি পুৱাই উদ্ধাৰ হয় গাঁৱৰে এখন হাবিত ।
যুৱকজনক গাঁৱৰে নিবাসী স্মৃতি নেওগ নামৰ মহিলা এগৰাকীয়ে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।
উক্ত মহিলাগৰাকীৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা কৰি আহিছিল যুৱকজনে ।
এই সন্দৰ্ভত এক ফোন ৰেকৰ্ডিং লাভ কৰিছে পৰিয়ালৰ লোকে ।
আনফালে, মহিলাগৰাকীৰ বাসগৃহটোত আৰক্ষীয়ে তালাচী চলাই ।
মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি গুইজান আৰক্ষী চকীলৈ লৈ যায় ।
ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ।