তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত আজি অৰুণোদয় ৩.০ আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন আৰু জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি ভিডিঅ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে। সভাত জিলাখনত ৰূপায়নৰ প্ৰক্ৰিয়া চলি থকা অৰুণোদয় ৩.০ আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী নিৰ্বাচন সম্পৰ্কত আলোচনা কৰা হয় । তদুপৰি
কোনো পাবলগীয়া যোগ্য ব্যক্তি যাতে এই আচঁনিৰ সুবিধাৰ পৰা বাদ নপৰে,সেইটো নিশ্চিত কৰিবলৈ জনপ্ৰতিনিধিসকলৰ পৰা জিলা আয়ুক্ত গৰাকীয়ে সম্পূৰ্ণ সহায়- সহযোগিতা কামনা কৰে । সভাত মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টিৰ বিধায়কৰ প্ৰতিনিধিদ্বয়ৰ উপৰিও জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস,অতিৰিক্ত আয়ুক্ত জাভেদ আৰমানকে প্ৰমুখ্যে কৰি সমিতিৰ সকলো সদস্য উপস্থিত থাকে।