তামুলপুৰ জিলাৰ খন্দিকৰত নিশা ৰাইজে আটক কৰিলে গৰু চোৰক।

তামুলপুৰ জিলাৰ অন্তৰ্গত খন্দিকৰত যোৱা নিশা গোহালিৰ গৰু চুৰি কৰিবলৈ অহা এজন গৰু চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয় । নিজকে কাউৰবাহাৰ সমিপৰ কেলেংচকৰ নবিন ডেকা বুলি পৰিচয় দিয়া ধৃত চোৰজনে জানিবলৈ দিয়া মতে একে গাঁওৰে তিনিজন ব্যক্তি গৰু চোৰ কৰিবলৈ আহিছিল যদিও উদ্ধৱ ডেকা আৰু মোহন নাথ ডেকা পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে খন্দিকৰৰ তাহেৰ আলী নামৰ ব্যক্তিজনৰ দুটাকৈ দমৰা গৰু গোহালিত থকা অবস্থাত নিশা দুই বজাত তিনিজন চোৰে গোহালিৰ পৰা গৰু দুটা উলিয়াই লৈ যায় । লগে লগে গৃহস্থই জানিব পৰা মাত্ৰকে দুজন চোৰ পলায়ন কৰে যদিও এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ঘটনা সম্পৰ্কে কাউৰবাহা আৰক্ষীক অবগত কৰাত পুৱাৰ ভাগত আৰক্ষী উপস্থিত হৈ ধৃত চোৰজনক থানালৈ নি পলাতক দুয়োজন চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে । উল্লেখযোগ্য যে দীৰ্ঘ দিনৰ পৰা উক্ত অঞ্চলটোত গৰু চোৰে সন্ত্ৰাস চলাই আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।