তামাৰহাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ।

প্ৰতিজন হিতাধিকাৰীয়ে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া ২২ হাজাৰকৈ টকা অন্য ব্যক্তিৰ একাউণ্টৰ যোগেদি টকা তুলি আত্মসাত । তামাৰহাটৰ হৰিৰহাট গাঁও পঞ্চায়তৰ বিষয়া, কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধি মিলি সম্পূৰ্ণ ধন আত্মসাত কৰাৰ অভিযোগ । ধুবুৰী জিলা আয়ুক্ত, গোলোকগঞ্জ উন্নয়ন খণ্ডৰ বিষয়া আৰু থানাত পৃথকে পৃথকে লিখিত অভিযোগৰ পিছতো আজিলৈ নহল তদন্ত । তামাৰহাটৰ বৰোচৰাইখোলা গাঁৱত চৰকাৰে ১৭০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন দিয়ে । দীৰ্ঘদিনে অধিকাংশ হিতাধিকাৰীয়ে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া ধন নোপোৱাত কাৰ্যালয়ত যোগাযোগ কৰাত ঘটনা পোহৰলৈ আহে । ইয়াৰ উপৰিও চৰকাৰী গৃহ দিয়াৰ নামত পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা পাঁচৰ পৰা দহ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ । লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সুফল নোপোৱাত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছে হিতাধিকাৰীসকলে ।