আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসত পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ খনিকৰ ৰিৰ্জাভ ফিল্ডত পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ত ঐতিহাসিক দিনটোত প্ৰথমবাৰলৈ পতাকা উন্মোচন কৰি গৌৰৱ অনুভৱ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পতাকা উন্মোচনৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰক দ্ৰুত নগৰীকৰণৰ কাম আৰম্ভ হ’ব বুলি জনায়। অহা তিনি বছৰত ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব ৰাজ্য চৰকাৰে। ডিব্ৰুগড়ৰত সচিবালয় নিৰ্মাণেই নহয়, ইয়াৰ লগে লগে ডিব্ৰুগড়ত নিয়মিতভাৱে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন। অহা বৰ্ষৰ ২৫ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে বসুন্ধৰা আঁচনি পুনৰ ১৫ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।