
ডিগবৈ বাপাপুং নৱোদয় সংঘৰ উদ্যোগত এদিনীয়া কাৰ্য্যসূচীৰে ৰঙালী বিহু উৎসৱ পালন। নবোদয় সংঘৰ চৌহদত ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে অতুল চন্দ্ৰ বৰুৱাই। বিহুৰ ধজ্বা উত্তোলন কৰে নবোদয় সংঘৰ সভাপতি অশ্চিনী বৰুৱাই। দুপৰীয়া বাপাপুং শ্ৰীমন্ত শঙ্কৰগুৰু নামঘৰৰ হুঁচৰি দলে বিহুৰ মঞ্চ মুকলি কৰে। মুকলি আকাশৰ গছৰ তলত হুঁচৰি, জেং বিহু, মৌ-কুঁৱৰী, বিহু নাচ প্ৰদৰ্শন কৰে ডিগবৈৰ বিভিন্ন অঞ্চলৰ পৰা দলসমূহে। সভাপতি অশ্চিনী বৰুৱাই সদৰি কৰা মতে নবোদয় সংঘৰ দ্বাৰা আয়োজিত ৰঙালী বিহু উৎসৱত নাই কোনো প্ৰতিযোগিতা, নাই কোনো বিচাৰক। মুক্ত মনে সকলোৱে যোগদান কৰি বিহু উদযাপন কৰে।
বিনন্দ কোঁৱৰ, ডিগবৈ- ২৭ এপ্ৰিল ২০২৫