ডিগবৈ পাৱৈৰ চোৰাং ঘাটিৰূপে খ্যাত কুখ্যাত ভগৱান লাল শ্বাহৰ ধাবাত বৃহস্পতিবাৰে নিশা চলিল আৰক্ষীৰ অভিযান। অভিযানত ৬০ লিটাৰৰো অধিক খাৰুৱা তেল ডিজেল,৩লিটাৰ পেট্ৰল আৰু ১৭টা খালী গেলন জব্দ কৰে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিংহ ৰাথোৰৰ নেতৃত্বত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ধাবাখনত অভিযান চলাই। ডিগবৈ থানাৰ আৰক্ষীৰ সহযোগত ধাবাখনৰ গোপন কক্ষত লুকুৱাই ৰখা তেলখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে সেই সময়ত ভগৱান লাল শ্বাহ ধাবাখনত উপস্থিত নাছিল। উল্লেখ্য যে, তেলৰ চোৰাং ঘাটি ৰূপে পৰিচিত ভগৱান লাল শ্বাহৰ ধাবাতে পূৰ্বেও আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই শ-শ লিটাৰ খাৰুৱা তেল জব্দ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল ভগৱান শ্বাহক। জে’লৰ পৰা পুনৰ ওলাই আহি ভগৱানে গোপনে আৰম্ভ কৰিছিল তেলৰ চোৰাং বেহা। উল্লেখযোগ্য কথাটো হ’ল বাৰে-বাৰে চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই থকা কুখ্যাত ভগৱান লাল শ্বাহ কেনেকৈ পলাই যাবলৈ সক্ষম হয় সেয়াও এক ৰহস্য হৈ পৰিছে।
