ডিগবৈত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ…

ডিগবৈ বগাপানী চাহ বাগিচাৰ বিহু মঞ্চত গাওঁ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকি সৰব হৈ পৰে ভাজপাৰ বিৰুদ্ধে। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ তত্বাৱধানত অনুষ্ঠিত বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকে ভৰপূৰ নিৰ্বাচনী প্ৰচাৰ সভাত আৰম্ভণিতেই ভাৰতীয় জনতা পাৰ্টীৰ কাম-কাজক লৈ সৰব হৈ পৰে।সৰব হৈ পৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পাকে প্ৰকাৰন্তে মুছলমানক কটাক্ষ কৰি লুঙীৰ কথা কওঁতে পাহৰি গ’ল যে উত্তৰ পূৰ্বাঞ্চলৰ টাই আহোম, টাই ফাকে, টাই খামতি,টাই খামিয়াম, চিংফৌ আদি জনগোষ্ঠীয় লোকেও লুঙী পৰিধান কৰে।এগৰাকী সংকিন্ন মনৰ আৰু ঘিণাৰ মানুহ মুখ্যমন্ত্ৰীৰ পৰা সাধাৰণ ৰাইজে কি সুবিধা লাভ কৰিব বুলিও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টীক।