গুৱাহাটী, ২4 ফেব্ৰুৱাৰী, ২০২৫: ঝুমুইৰ বিনন্দিনী অনুষ্ঠান আৰু এডভান্টেজ আছাম ২.০ৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু খানাপাৰা ফিল্ডত যান-বাহনৰ সুচল কৰিবলৈ আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ২৪, ২৫, আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে এই নিৰ্দেশনা বলবৎ হ’ব।
সৰুসজাই ষ্টেডিয়ামৰ বাবে নিৰ্দেশনা:
- GOLD পাছযুক্ত বাহন: ১B নং গেটেৰে সোমাব পাৰিব আৰু ইনড’ৰ ষ্টেডিয়ামৰ সমীপত ৰখাব লাগিব।
- DROP OFF বাহন: ১B নং গেটেৰে সোমাব পাৰিব আৰু AEGCLত ৰখাব লাগিব।
- GREEN পাছযুক্ত বাহন: ১B নং গেটেৰে সোমাব পাৰিব।
- অন্য প্ৰৱেশপত্ৰ লাভ কৰা ব্যক্তি: ১C গেটেৰে খোজ কাঢ়ি সোমাব পাৰিব।
খানাপাৰা ফিল্ডৰ বাবে নিৰ্দেশনা:
- SAFFRON পাছযুক্ত বাহন: ৪ নং গেটেৰে সোমাব পাৰিব আৰু ৩ নং গেটেৰে উলাব লাগিব।
- GOLD পাছযুক্ত বাহন: ৬ নং গেটেৰে সোমাব পাৰিব আৰু ৯ নং গেটেৰে উলাব লাগিব।
- SILVER, BRONZE, BLUE, GREEN পাছযুক্ত বাহন: ৭ নং গেটেৰে সোমাব পাৰিব।
- VVIP ব্যক্তিসকল: তেওঁলোক অহাৰ পাছত ১০ নং গেট সকলোৰে বাবে খোলা ৰখা হ’ব।
এই নিৰ্দেশনাসমূহ যান-বাহনৰ সুচলতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ জাৰি কৰা হৈছে। আৰক্ষীয়ে সকলোকে নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে।
ঝুমুইৰ বিনন্দিনী অনুষ্ঠান আৰু এডভান্টেজ আছাম ২.০ৰ সফলতাৰ বাবে এই ব্যৱস্থাসমূহ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।
সূত্ৰ: সাংবাদ লহৰ