জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনত উখলমাখল পৰিৱেশ….

জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনত উখলমাখল পৰিৱেশ
জনপ্ৰিয় গীত পৰিবেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল গায়িকা নীলম নয়না , কৰিশ্মা কৌশিক আৰু প্ৰদীপ ৰাজে।বিগত বছৰবোৰৰ দৰে এইবেলিও ৪২ তম জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলন খনি চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ জাগীৰোড কনাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনৰ শেষৰ দিনাৰ সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যক্তিগত সচিব সমাজসেৱক অপূৰ্ব ডেকাই ৷

জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীপক কলিতাই আঁতধৰা অনুস্থানটোত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলৰ আত্মাৰ সদগতিৰ বাবে এক মিনিত সময় মৌন প্ৰাৰ্থনা কৰা হয় । সাংস্কৃতিক সন্ধিয়াত কেইবাটাও বিহু দলে সুন্দৰ বিহু নাচ প্ৰদৰ্শন কৰে ৷ সাংস্কৃতিক অনুস্থানত সংগীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠ শিল্পী নীলম নয়না , প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকে ৷