জাগীৰোডৰ সুৰ দেউল সংগীত মহাবিদ্যালয়ত চিত্ৰকলাৰ কৰ্মশালা ।

জাগীৰোডৰ সুৰ দেউল সংগীত মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় অংকণ কলাৰ কৰ্মশালা ৷
মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে শুভ উদ্ধোধন কৰে উক্ত কৰ্মশালাখনিৰ ৷
সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা কৰ্মশালাখনিত সমল ব্যক্তি
হিচাবে উপস্থিত থাকে বিশ্ব ভাৰতী শান্তি নিকেতনৰ চিত্ৰ কলা বিভাগৰ স্নাতকোত্তৰ তথা অসম ৰাজ্যিক
চাৰু কলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° নীলাঞ্জনা গগৈ আৰু কলকাতা ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ গৌৰৱ মৰল ৷ অংকণ কলাৰ কৰ্মশালাত প্ৰশিক্ষণ দিবলগীয়া বিষয় হ’ল পানী ৰং,পোষ্টাৰ ৰং আৰু তৈল ৰঙৰ দ্বাৰা বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা, জীৱন্ত অধ্যয়ন , সূক্ষ্ম চিত্ৰকলা আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া ৷ উক্ত কৰ্মশালাত জাগীৰোড সুৰ দেউল সংগীত মহাবিদ্যালয় আৰু মৰিগাঁও জিলা বংগীয় সংগীত পৰিষদৰ অধীনৰ শিক্ষানুষ্ঠানৰ পূৰ্ণ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ জাগীৰোড সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱন চন্দ্ৰ গগৈয়ে আঁতধৰা উদ্ধোধনী অনুষ্ঠানত সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ সভাপতি কুমুদ বৰুৱা,যুটীয়া সম্পাদক অতনু প্ৰসাদ বৰা ,চন্দ্ৰ কান্ত বৰা , মনিন্দ্ৰ ডেকা , সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোৰাম ডেকা , পৰিচালনা সমিতিৰ সদস্য স্তুতি প্ৰসাদ বৰা , সতীশ কৰ্মকাৰ আদিৰ লগতে অভিভাৱকসকল উপস্থিত থাকি অনুষ্ঠানটো জীপাল কৰি তোলে ৷