জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল । দাবী পূৰণ নকৰিলে ১৪ অক্টোবৰৰ পৰা হাতত ল’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী । মন্ত্ৰী পীয়ুষ হাজৰিকাই বিষয়টো আওকাণ কৰাৰ অভিযোগ ।

“ভূমিপুত্ৰ খিলঞ্জীয়াসকলক চৰকাৰে ভূমিহীন, ভেটিহীন কৰি কৌশলপূৰ্ণভাৱে নিশকতীয়া কৰিব বিচাৰিছে । আমি তিৱা তথা জনজাতীয় সংগঠনসমূহে কোনো পধ্যেই জাগীৰোডত পৌৰসভা গঠন কৰিবলৈ নিদিওঁ।” এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতা তথা জনজাতীয় নেতাসকলে। উল্লেখ্য যে, অসম চৰকাৰে শেহতীয়াভাৱে জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক গোভাৰ ২০ খন ৰাজহ গাঁৱক সামৰি পৌৰসভা গঠন কৰিবলৈ সিদ্ধান্ত লৈছে । তাকে লৈ অসন্তুষ্টি প্ৰকাশ কৰি সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে । সংবাদমেলত চাৰিটা মুখ্য দাবীৰে এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে । অনতিপলমে চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে ২৫ অক্টোবৰত ১২ ঘণ্টীয়া অসম বন্ধৰো হুংকাৰ প্ৰদান কৰে । লগতে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাকো তিৱা বিৰোধী, ভূমিপুত্ৰ খিলঞ্জীয়া বিৰোধী স্থিতি ত্যাগ কৰিবলৈ আহ্বান জনায়। সংবাদমেলত সদৌ তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰত্নেশ্বৰ দেউৰী, সভাপতি চেনিৰাম মালাঙৰ লগতে কাৰ্বি ছাত্ৰ সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা যুৱ ছাত্ৰ পৰিষদৰ নেতাসকল উপস্থিত থাকে।