চৰম উদ্ভণ্ডালি, চৰম উদ্ভণ্ডালি, গৰিহণাযোগ্য দুৰ্ঘটনা সংঘটিত বকোৰ ছাটাবাৰীত ।
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ২৮ নং উত্তৰ বনগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী যুৱ নেতা বিতোপন ৰাজবংশী আৰু তেওঁৰ সতীৰ্থবৃন্দক প্ৰাণে মৰাৰ চেষ্টা একাংশ দুৰ্বৃত্তৰ ।

যোৱা নিশা প্ৰায় ৯ মান বজাত নিৰ্বাচনী প্ৰচাৰ সামৰি ঘৰমুৱা হওঁতে একাংশ দুৰ্বৃত্তই আক্ৰমণৰ চেষ্টা চলাই যুৱ নেতা বিতোপন ৰাজবংশী ও তেওঁৰ সতীৰ্থ সকলোক । উল্লেখ্য যে যুৱ নেতা গৰাকীয়ে এইবাৰ হ’ব লগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ২৮ নং উত্তৰ বনগাঁও আন ৰিজাৰ্ভ সমষ্টিৰ পৰা প্ৰতিদণ্ডিতা আগবঢ়াইছে । যোৱা নিশা তেওঁলোকক বকো আৰক্ষী আৰু জামবাৰী আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰে । যুৱ নেতা গৰাকীৰ প্ৰশ্ন যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত অনা ৰাভা বা অ-জনজাতীয় লোকৰ ৰাজনৈতিক কোনো অধিকাৰ নায় নেকি ? কিয় অনা ৰাভা বা অজনজাতীয় লোকে প্ৰতিদণ্ডিতা কৰিব ওলোৱাত এনেবোৰ ঘটনাই বিৰাজ কৰিছে ?
।