চিংফৌ ৰজা বিছানং চিংফৌৰ দেহাৱসান।

বিছানং চিংফৌ বাৰ্ধক্যজনিত কাৰণত লিডুৰ নিজা বাসগৃহত ৭৬ বছৰ বয়সত দেহাৱসান ঘটে। চিংফৌ সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছাৰজা ৰূপে খ্যাত বিছানং
চিংফৌৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটাত শোকৰ ছাঁ পৰিছে।ৰজাৰ ধৰ্ম প্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া, তেখেতে সকলোকে সম দৃষ্টিৰে চাইছিল।তেখেতৰ সোনসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতা অৰ্জন কৰিছিল।তেখেত আছিল সকলোৰে প্ৰিয় ভাজন।বিছা ৰজাৰ কথন ভংগী আছিল সহজ-সৰল। আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ’বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা, বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন ডাঙি ধৰিলে সেইয়া সকলোৰে বাবে নিশ্চয়কৈ আদৰ্শনীয়।