চাকৰি হেৰুৱাব পাৰে ১৫ খনকৈ শিক্ষানুষ্ঠানৰ অধ্যক্ষ।একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল ১০ খন জিলাৰ পৰা।ভাইৰেল কৰা শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিৰ ৩ খন বিদ্যালয়ৰ নাম।আটাইকেইখন শিক্ষানুষ্ঠানৰ একাদশ শ্রেণীত নামভৰ্তিৰ অনুমতি বাতিল ASSEৰ।২০২৫-২৬ বর্ষত নামভর্তি কৰিব নোৱাৰিব এইকেইখন শিক্ষানুষ্ঠানে।দ্বাদশ শ্রেণীত অধ্যয়নৰ শিক্ষার্থীহে অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত।সমান্তৰালকৈ শিক্ষানুষ্ঠান কেইখনৰ স্বীকৃতিও বাতিল কৰাৰ সিদ্ধান্ত লৈছে পৰিষদে।ভাইৰেল কৰা শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিৰ ৩ খন বিদ্যালয়ৰ নাম।বজালি, বৰপেটা, হাইলাকান্দি, কামৰূপ মেট্ৰ’, লখিমপুৰ,নলবাৰী, মাজুলী, নগাঁও জিলাৰ পৰা ভাইৰেল হৈছিল কাকত।তালিকাত কাচাৰৰ দুখন বিদ্যালয়, নগাঁওৰ ৩ খন বিদ্যালয়ৰ নাম।১৫ খনকৈ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে শিক্ষা পৰিষদে।