চতিয়াৰ বিভিন্ন স্থানৰ নামঘৰ মন্দিৰ মছজিদ আদি ধৰ্মীয় অনুষ্ঠানত সঘনে চুৰি কাৰ্য সংঘটিত হৈ আহিছে ।পুনৰ বুধবাৰে নিশা চতিয়াৰ মালৰ গাওঁত নতুনকৈ প্ৰতিষ্ঠা কৰা শিৱ মন্দিৰত চোৰে প্ৰৱেশ কৰি মন্দিৰৰ দান প্ৰত্ৰকে আদি কৰি মন্দিৰৰ সকলো সম্পত্তি লুটি নিয়ে।আজি পুৱা মন্দিৰৰ কাষৰীয়া লোকে প্ৰত্যক্ষ কৰে মন্দিৰৰ দৰ্জা খোলা আছে । লগে লগে অঞ্চলটোত এই খৱৰ বিয়পি পৰাত দুখত ভাঙি পৰিছে ধৰ্মপ্ৰাণ ৰাইজ।

চতিয়াৰ মালৰ গাওঁৰ বৰপুখুৰী পাৰত অস্থায়ী এভাগ শিৱ মন্দিৰত পূজা-অৰ্চনা কৰি আহিছিল ।কিন্তু তাৰ কাষতেই এটি স্থায়ী শিৱ মন্দিৰ নিৰ্মাণ কৰি বিগত শিৱ ৰাতিৰ দিনা শিৱ মন্দিৰ ভাগ লোৱা হৈছিল। এই মন্দিৰত চোৰি কাৰ্যৰ ঘটনা সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই ধৰ্মপ্ৰাণ ৰাইজে।মন্দিৰ চুৰি কাৰ্য সংঘটিত হোৱাৰ লগে লগে চতিয়া আৰক্ষীক খৱৰ দিয়া হয় আৰু ঘটনা স্থলীত উপস্থিত হয় আৰক্ষী আৰু ইতিমধ্যে তদন্তও আৰাম্ভ কৰিছে।

অঞ্চলটোৰ ৰাইজে চতিয়া আৰক্ষীক আহ্বান জনাইছে ধৰ্মীয় অনুষ্ঠান সমূহত এনে কাৰ্য সংঘটিত কৰা গেংটোক আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰক